*মৰিগাঁও জিলাৰ গাঁৱে-ভূঞে অনুষ্ঠিত হৈছে বিশেষ শৈক্ষিক গাঁও সভা*
*সমন্বিত প্ৰচেষ্টাৰেহে শৈক্ষিক উত্তৰণ সম্ভৱ :: অনামিকা তেৱাৰী*
*অভিভাৱকে ল'ৰা-ছোৱালীক বিদ্যালয়লৈ পঠায়েই দায়িত্ব সামৰি মোবাইলত ৰীল চাই থাকিলে নহ'ব :: জিলা আয়ুক্ত*
_*আজিৰ যুগত ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰাটো আমাৰ সমাজখনৰেই বিফলতা*_
মৰিগাঁও, ৬ জুন :: মৰিগাঁও জিলাৰ শৈক্ষিক উত্তৰণ আৰু শিক্ষা খণ্ডৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে গাঁৱে-ভূঞে অনুষ্ঠিত হৈছে বিশেষ শৈক্ষিক গাঁও সভা। ঐক্যবদ্ধ প্ৰচেষ্টাৰে জিলাখনৰ শিক্ষাৰ পৰিৱেশ উন্নত কৰাৰ উদ্দেশ্যে এই গাঁও সভাসমূহত একেখন মঞ্চত থিয় হৈ জিলা প্ৰশাসন, শিক্ষা বিভাগৰ বিষয়া, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি, গাঁও পঞ্চায়তৰ প্ৰতিনিধি, গাঁও প্ৰধান আৰু স্থানীয় ৰাইজে মুকলিকৈ আলোচনা কৰিছে শৈক্ষিক অনগ্ৰসৰতাৰ অন্তৰালৰ কাৰণ আৰু ইয়াৰ সমাধানৰ সম্ভাৱনাসমূহৰ বিষয়ে। মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীয়ে প্ৰতিখন শৈক্ষিক গাঁও সভাত উপস্থিত হৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু সমাজৰ প্ৰতিগৰাকী লোকক নিজৰ দায়িত্বৰ কথা সোঁৱৰাই দিছে। আজি এনে এখন শৈক্ষিক গাঁও সভা অনুষ্ঠিত হয় জিলাখনৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনৰ কুশতলী বৰঙ্গনী মাধ্যমিক বিদ্যালয়ত।
জিলা আয়ুক্তগৰাকীয়ে সভাত অংশ লৈ কয় যে আজিৰ যুগত আমাৰ ল'ৰা-ছোৱালীয়ে মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰাটো অতি দুখৰ বিষয়। এয়া কেৱল ছাত্ৰজনৰ বিফলতা নহয় ; বৰং শিক্ষক, অভিভাৱক, বিষয়া, জনপ্ৰতিনিধি, আমাৰ গোটেই সমাজখনৰেই বিফলতা। তেওঁ কয় যে আগৰ দিনত গোটেই গাঁওখনেই বা সমাজখনেই এজন ছাত্ৰৰ অভিভাৱক আছিল। লৰা-ছোৱালীৰ বেয়া দেখিলে সমাজৰ জ্যেষ্ঠজনে আঙুলিয়াই দিছিল। কিন্তু সময় পৰিৱৰ্তন হৈছে। সেয়েহে এতিয়া শৈক্ষিক গাঁও সভা অনুষ্ঠিত কৰিবলগীয়া হৈছে। তেওঁ কয় যে পৰস্পৰক দোষাৰোপ কৰাৰ পৰিৱৰ্তে জিলাখনৰ শিক্ষা খণ্ডৰ উত্তৰণৰ বাবে সকলোৱে মিলি প্ৰয়াস কৰিব লাগিব। তেওঁ পুনৰ কয় যে অষ্টম নৱম শ্ৰেণীত ছোৱালী পলাই গৈছে, মোবাইল ফোন, মটৰ চাইকেল, ড্ৰাগছ আদিৰ গ্ৰাসত পৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে। তাৰ বাবে সমাজৰ প্ৰতিজন লোকে দায়িত্ব লৈ সজাগ সচেতন হব লাগিব বুলি তেওঁ কয়।
মাতৃসকলে ল'ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াই মোবাইলত ৰীল চাই থাকিলে নহ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ঘৰত ল'ৰা-ছোৱালীৰ যত্নও ল'ব লাগিব। বিদ্যালয়লৈ যাব, মধ্যাহ্ন ভোজন খাব, স্কুলত যি পঢ়ে পঢ়িব বুলি এৰি দিলে নহ'ব। তেওঁ অত্যন্ত দুখেৰে কয় যে অভিভাৱকৰ সভাত অভিভাৱক আহিব নোখোজে। একাংশ অভিভাৱকৰ নিজৰ সন্তানে কি কৰিছে জানিবলৈ আগ্ৰহ নাই বুলি তেওঁ খেদ প্ৰকাশ কৰ। বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক, গাঁও পঞ্চায়তৰ প্ৰতিনিধি, অভিভাৱক সকলোৰে ঐক্যবদ্ধ প্ৰয়াস লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে এজন এজন ছাত্ৰৰ খবৰ আমাৰ নখ দৰ্পণত থাকিব লাগিব। তেওঁ কয় যে আজিৰ ল'ৰাই খেতিপথাৰলৈ যোৱাটো লাজৰ কথা বুলি ভাবে, আজিৰ ছোৱালীয়ে শাল বব নাজানে, কিন্তু ঘৰত মোবাইলত ব্যস্ত থাকে, অভিভাৱকে ল'ৰা-ছোৱালীক ঘৰৰ কাম-কাজো নিশিকায়। তেওঁ কয় যে এনে এখন সমাজ আমাৰ কাম্য নহয়। এনে পৰিৱেশে প্ৰগতি আৰু শৈক্ষিক উন্নয়ন আনিব নোৱাৰে বুলি তেওঁ দৃঢ়তাৰে কয়। তেওঁ সমাজৰ প্ৰতিজন লোকক জিলাখনৰ শিক্ষাৰ পৰিৱেশ উন্নত কৰাৰ ক্ষেত্ৰত সজাগ হৈ নিজৰ অৱদান আগবঢ়াবলৈ আহ্বান জনায়।
সভাত অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) অনুসূয়া শৰ্মা, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ অপূৰ্ব ঠাকুৰীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাজু ডেকা, পঞ্চায়ত প্ৰতিনিধি, শিক্ষা বিভাগৰ বিষয়াসকল, বিদ্যালয় প্ৰধান, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে। সভাত প্ৰতিগৰাকী বক্তাই জিলাখনত শিক্ষাৰ সামগ্ৰিক বিকাশৰ বাবে সমন্বিত প্ৰয়াসৰ কথা দোহাৰে। অভিভাৱকসকলৰ সৈতে জিলা আয়ুক্তগৰাকীয়ে মত বিনিময়ো কৰে।