মঙলবাৰে বস্ত্ৰনগৰী শুৱালকুছিত জুবিনৰ এখন ফটোক কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতি। এজন যুৱকক উত্তম মাধ্যম জুবিন অনুৰাগীৰ।তামুলপুৰৰ এজন যুৱকে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ফটো বিকৃত কৰি প্ৰচাৰ কৰিছিল। শুৱালকুছিত কৰ্ম সূত্ৰে আছিল যুৱজন। আৰু তাৰ পাছতে জুবিন অনুৰাগীৰ ৰোষত পৰে তামোল পুৰৰ যুৱক কৈলাস দাস। শুৱালকুছিৰ জুবিন অনুৰাগীৰ যুৱক সকলে উত্তম মাধ্যম সোধাই যুৱক জনক। ৰাইজৰ হাতৰ পৰা অৱশেষত উদ্ধাৰ কৰিলে শুৱালকুছি আৰক্ষীয়ে।