হাজো: আজি ষষ্ঠী,শুৱালকুছিত দুৰ্গা পূজাৰ শতবৰ্ষ উদযাপন উপলক্ষে এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়,৫ সহস্ৰাধিকৰ অংশগ্ৰহণ
আজি ষষ্ঠী। দেওবাৰে শুৱালকুছিৰ কেওঁটপাৰাৰ ঈশ্বৰ শ্ৰী শ্ৰী গোপাল কৃষ্ণ সত্ৰ ৰাইজৰ গয়ৰহৰ উদ্যোগত শ্ৰী শ্ৰী দুৰ্গা পূজাৰ শতবৰ্ষ উদযাপন উপলক্ষে নগৰত এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়।এই ধৰ্মীয় শোভাযাত্ৰাত শুভাৰম্ভণি কৰে অসম ৰাজ্যিক বিজেপি মেডিকেল চেলৰ সহ আহ্বায়ক ডাঃ বেদ্ৰবত পাঠকে। ধৰ্মীয় শোভাযাত্ৰাত ৫ সহস্ৰাধিকৰো অধিক ভকত বৈষ্ণৱ তথা যুৱক যুৱতীৰ অংশগ্ৰহণ।