ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া উৎসৰ্গিত জনসেৱাৰ বাবে ৰাইজৰ কৃতজ্ঞতা আৰু সন্মিলিত আশীৰ্বাদ প্ৰকাশ কৰিবলৈ আজি সমগ্ৰ জিলাৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত "আশীৰ্বাদ বন্তি" শীৰ্ষক এক বিশাল কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। তদুপলক্ষে শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল য়াদৱ , জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত লুকুমণি বড়া, গৌৰীপ্ৰিয়া দেউৰী, সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, পৰীস্মিতা দিহিঙ্গীয়া, শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিত্ৰাবৃন্দা গগৈ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
#highlight
#follower
#everyone
#dcsivasagar