তামুলপুৰ: গইবাৰী ব্লকৰ অন্তৰ্গত কচুবাৰী দেউৰী চুপাৰ প্ৰায় অৰ্ধ শতাধিক ৰাইজে বিপিএফ দলত যোগদান কৰে
শুক্ৰবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত গইবাৰী ব্লকৰ অন্তৰ্গত কচুবাৰী দেউৰী চুপাৰ প্ৰায় অৰ্ধ শতাধিক ৰাইজে বিপিএফ দলত যোগদান কৰিছে। যোগদান অনুষ্ঠানত ভাষণ দিয়ে তামুলপুৰ যুৱ বিপিএফৰ সভাপতি মনোজ ৰাভা আৰু কেন্দ্ৰীয় যুৱ বিপিএফৰ সম্পাদক জিতেন মুছাহাৰীয়ে। বিপিএফ দলত নতুনকৈ যোগদান কৰা সকলো নতুন সদস্যক দলীয় গামোচাৰে আদৰণি জনাই।