বিহালীৰ বৰগাঙৰ শংকৰদেৱ পেখাগৃহত তিনিমহীয়া বিনামুলীয়াADRE 3.0 প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে মন্ত্রী অশোক সিংঘলে।
উদ্বোধনী অনুষ্ঠানত শোনিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনিন্দ্ৰ দাস, বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত কৰবী কৰণ শইকীয়া, গহপুৰ আৰু বিহালীৰ প্ৰাক্তন বিধায়ক প্ৰমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱাল লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে zenshine academy ৰ সৌজন্যত অনুষ্ঠিত হব লগীয়া উক্ত প্ৰশিক্ষণত বিহালী সমষ্টিৰ প্ৰায় ১২০০ গৰাকী চাত্ৰ-ছাত্ৰী ইতিমধ্যে অনলাইন যোগে আবেদন কৰিছে। এই প্ৰশিক্ষণে বিহালীত ছাত্ৰ -ছাত্ৰীৰ ভৱিষ্যতৰ বাবে এক নতুন দিশ প্ৰদান কৰিব।
কাৰ্য্য সূচীৰ শুভ উদ্বোধন কৰি মন্ত্রী অশোক সিংঘলে সন্তোষ্টি প্ৰকাশ কৰি ছাত্ৰ ছাত্ৰীৰ শিক্ষা সম্বন্ধে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। লগতে এই কাৰ্য্য সুচীৰ সম্পাদনাৰ মুখ্য ব্যক্তি শোনিতপুৰৰ সাংসদ আৰু বিহালীৰ বিধায়ক গৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7