জাগীৰোড সম জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নেতৃত্বত বেংক নিৰাপত্তা, চাইবাৰ সুৰক্ষা আৰু বিত্তীয় প্ৰৱঞ্চনাৰ সন্দৰ্ভত এখনি বিশেষ সভা অনুষ্ঠিত কৰা হয়। সম জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত উপস্থিত থাকে জাগীৰোড সম জিলা আয়ুক্ত হৃদয় কুমাৰ দাস, সম জিলা আৰক্ষী অধীক্ষক অজিৎ দাধৰাৰ লগতে প্ৰশাসনৰ বিষয়া সকল। সভাখনত বেংক নিৰাপত্তা, চাইবাৰ সুৰক্ষা আৰু বিত্তীয় প্ৰৱঞ্চনাৰ সন্দৰ্ভত গুৰুতত্বপূৰ্ন আলোচনা কৰা হয়।