মাহমৰা: নিমনাগড়ত বিজেপিৰ শক্তিকেন্দ্ৰ পৰ্যায়ৰ সাংগাঠনিক সভাত কেবিনেট মন্ত্ৰী যোগেন মহনৰ অংশগ্ৰহণ
জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত নিমনাগড় পঞ্চায়তত শুকুৰবাৰে শক্তিকেন্দ্ৰ পৰ্যায়ৰ সাংগাঠনিক সভা আৰু যোগদান অনুষ্ঠানত উপস্থিত থাকে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন৷ এই অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে জিলা বিজেপিৰ সম্পাদক কুশল দত্ত,মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেণ গগৈৰ লগতে বহুসংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷এই সভাত বহুকেইগৰাকী লোকে বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে ৷