মাহমৰা: মৰাণহাটত সমন্বয় সা: বি: গোষ্ঠীৰ লোকবাদ্য আৰু বিহুনাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈ থকা অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীৰ নৱম বাৰ্ষিক বিনামূলীয়া লোকবাদ্য আৰু বিহুনাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠান আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, বিজেপি নেত্ৰী অংকিতা দত্ত, চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে ৷