মাহমৰা: চলাপথাৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত দলীয় সাংগাঠনিক সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত চলাপথাৰ পঞ্চায়তৰ প্ৰেক্ষাগৃহত আজি বিয়লি মাহমৰা সমষ্টিৰ শক্তিকেন্দ্ৰ পৰ্যায়ৰ দলীয় সভাত উপস্থিত থাকে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ৷ এই সভাত মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱা, চৰাইদেউ জিলা বিজেপিৰ উপসভাপতি ৰ'জ কমল মহন, জিলা সম্পাদক কুশল দত্ত, যুৱ নেত্ৰী অংকিতা দত্ত উপস্থিত থাকে ৷