মাহমৰা: মৰাণহাটত মাহমৰা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ সভাত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মানিক গগৈ
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত উৰুলি বিবাহ ভৱনত আজি সন্ধিয়া বিৰোধী মিত্ৰজোঁটৰ মাহমৰা সমষ্টিৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷ মাহমৰা ব্ল'ক কংগ্ৰেছ কমিটিৰ সভাপতি কেশৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মানিক গগৈ, জিলা বিষয়ববীয়া টংকেশ্বৰ কোঁৱৰ, ৰাইজৰ দলৰ থানেশ্বৰ গগৈ, জীৱেশ্বৰ চুতীয়াকে ধৰি চৰাইদেউ জিলা আৰু মাহমৰা সমষ্টিৰ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ৷