মাহমৰা: চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিপেন কোঁৱৰৰ উপস্থিতিত মাহমৰাৰ ডবাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা সম্পন্ন
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডবাত আগন্তুক লোকসভা নিৰ্বাচনক উদ্দেশ্য কৰি আজি বিয়লি কংগ্ৰেছ দলৰ এখনি নিৰ্বাচনী প্ৰচাৰসভা অনুষ্ঠিত হয় ৷ ডবা মণ্ডল কংগ্ৰেছৰ সভাপতি মনোৰঞ্জন ফুকনে সভাপতিত্ব কৰা এই সভাখনত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নিপেন কোঁৱৰ, মাহমৰা ব্ল'ক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈ, ৰাইজৰ দলৰ নেতা জীৱেশ্বৰ চুতীয়া উপস্থিত থাকি বক্তব্য ৰাখে ৷