ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বিকশিত ভাৰত যুৱ নেতৃত্ব সংলাপ-২০২৭ৰ অধীনৰ অনলাইন কুইজ প্ৰতিযোগিতাক লৈ ওদালগুৰিত মাই ভাৰতে এখন সংবাদমেল অনুষ্ঠিত কৰে। মাই ভাৰত, ওদালগুৰিৰ জিলা যুৱ বিষয়া অভিজিৎ যাদৱে সংবাদমেল সম্বোধন কৰি জিলাখনৰ ১৫ৰ পৰা ২৯ বছৰৰ ভিতৰৰ সকলো যুৱক-যুৱতীক অনলাইন কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। MYBharat.gov.in ৱেবছাইটত গৈ পঞ্জীয়ন কৰি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি সংবাদমেলত বিষয়া গৰাকীয়ে জানিব দিয়ে।