যক্ষ্মা ৰোগীৰ উন্নত চিকিৎসাত গুৰুত্ব: শিৱসাগৰত ১৮৭ স্বাস্থ্যকৰ্মীক তিনিদিনীয়া প্ৰশিক্ষণ
যক্ষ্মা ৰোগীৰ উন্নত চিকিৎসা আৰু যতন নিশ্চিত কৰাৰ লক্ষ্যৰে শিৱসাগৰত অনুষ্ঠিত হৈছে স্বাস্থ্যকৰ্মীসকলৰ বাবে তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী।
১৪ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ শিৱসাগৰ নগৰ চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচী NTEP, অসম আৰু Japhigo-ৰ যৌথ উদ্যোগত তথা NTEP, শিৱসাগৰৰ সহযোগত অনুষ্ঠিত হয়।
প্ৰশিক্ষণত যক্ষ্মা ৰোগীৰ চিকিৎসা আৰু যতনৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত স্বাস্থ্যকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিশেষকৈ Differentiated TB Care, মৃত্যুৰ অডিট, গৰ্ভৱতী যক্ষ্মা ৰোগীৰ চিকিৎসা আৰু TB Preventive Therapy আদি বিষয় প্ৰশিক্ষণৰ অন্তৰ্ভুক্ত কৰা হয়।
এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানৰ CHO, MPW, ফাৰ্মাচিষ্ট আৰু চাহ বাগিচাৰ স্বাস্থ্যকৰ্মীসহ মুঠ ১৮৭ গৰাকী স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে।
১৪ ছেপ্টেম্বৰত আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে NTEP, অসমৰ পৰামৰ্শদাতা ডাঃ সুব্ৰত দাস আৰু Japhigo-ৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া জ্যোতিকা তালুকদাৰে অংশগ্ৰহণ কৰে।
যক্ষ্মা ৰোগীৰ সময়োচিত চিকিৎসা, যতন আৰু প্ৰতিৰোধমূলক ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত এই প্ৰশিক্ষণে স্বাস্থ্যকৰ্মীসকলৰ দক্ষতা বৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে।
#highlight
#everyone
#everyonefollowers
#nonfollowers
#mediterranean