মাহমৰা: মৰাণহাটত বাজপেয়ী ভৱনত দলীয় সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন, বিজেপিৰ ৰাজ্যিক সা: সম্পাদক পল্লৱ লোচন দাস
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত মাহমৰা সমষ্টিৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি বিয়লি আগন্তুক লোকসভা নিৰ্বাচনৰ মাহমৰা সমষ্টি পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ এই সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচাৰ লগতে নিৰ্বাচনী সমিতিৰ বিষয়ববীয়া আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷