মাহমৰা: মাহমৰাৰ কচুপথাৰ গাঁৱত লুখুৰাখন কচুপথাৰ পথৰ আধাৰশিলা উন্মোচন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ দিচাংপানী পঞ্চায়তৰ অন্তৰ্গত কচুপথাৰ গাঁৱত আজি সন্ধিয়া মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে লুখুৰাখন কচুপথাৰ পথ নিৰ্মাণৰ আধাৰশিলা উন্মোচন কৰে ৷ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণ হ'ব এই পথটো ৷ এই আধাৰশিলা স্থাপন অনুস্থানত মন্ত্ৰীজনৰ লগতে দিচাংপানী পঞ্চায়তৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷