মাহমৰা: মাহমৰাৰ গৰৈমাৰী ষ্টেডিয়ামত শনিবাৰে নিশা উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ বুজ ললে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ গৰৈমাৰী ষ্টেডিয়ামত শনিবাৰে নিশা উপস্থিত হৈ অহা ১২মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ লয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ এই সময়ছোৱাত মন্ত্ৰী গৰাকীৰ সৈতে চৰাইদেউ জিলা কৃষক মৰ্চাৰ সভাপতি দেৱজিত চাউৰক, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱা, জিলা বিজেপিৰ উপ-সভাপতি নৱ বৰুৱা আদি উপস্থিত থাকে ৷