সোণাৰি: চৰাইদেউৰ ১২০নং বুথত বিজেপি মহিলা মৰ্চাৰ ঘৰে ঘৰে সম্পৰ্ক অভিযানত জিলা মহিলা মৰ্চাৰ সম্পাদিকাৰ অংশগ্ৰহণ
চৰাইদেউ জিলাৰ ১২০নং বুথত বিজেপি মহিলা মৰ্চাৰ ঘৰে ঘৰে সম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে বিজেপিৰ জিলা মহিলা মৰ্চাৰ সম্পাদিকা চুম্পী গগৈয়ে। এই সময়ছোৱাত মহিলা মৰ্চাৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে গৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।