বৰপেটা: কয়াকুছিত বিভিন্ন দলৰ পৰা প্ৰায় ৩০ গৰাকী লোকৰ বিধায়ক জাকিৰ হুছেইনৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান
১৪ নং উত্তৰ পাকা গাঁও পঞ্চায়তৰ পৰা বিভিন্ন দলৰ পৰা প্ৰায় ৩০ গৰাকী ব্যক্তিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰা সকলোকে গামোচা পিন্ধাই দললৈ স্বাগতম জনায় অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰি সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে । এইসকল লোকৰ যোগদানে কংগ্ৰেছ দলৰ ভেটি আধিক শক্তিশালী হ'ব বুলি মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ।