সোণাৰি: সোণাৰিৰ ভজোত বহিঃৰাজ্যৰ যুৱক নিৰুদ্দেশ, যুৱকজনে দিচাং নদীত জাপ দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ, কাকতিবাৰী আৰক্ষীৰ অভিযান
সোণাৰিৰ ভজোত বহি: ৰাজ্যৰ যুৱক নিৰুদ্দেশ। যুৱকজন দিচাং নদীত জাঁপ দিয়াৰ সন্দেহ ভজোৰ দিচাং দলঙৰ সমীপত যুৱক জনৰ বাইকখন উদ্ধাৰ কৰে কাকতিবাৰী আৰক্ষীয়ে নিৰুদ্দেশ যুৱক জনৰ নাম অজয় সিং। ৰাজস্থানৰ এই যুৱকজন সোণাৰিৰ এটা পেট্রল পাম্পত কৰ্মৰত আছিল। উল্লেখ্য যে সোমবাৰে ডিপোটোৰ সাতলাখ টকা বেংকত জমা দিয়াৰ বাবে আহি মাত্র ৪০ হাজাৰ টকা জমা দিয়ে আৰু তাৰ পাছৰপৰাই সন্ধানহীন হৈ আছে যুৱকজন। ইফালে যুৱক জনক বিচাৰি ইতিমধ্যে স্থানীয় লোকৰ লগতে আৰক্ষীয়ে সন্ধান চলাইছে।