সোণাৰি: চিংলৌ পথাৰ টঙীয়াত সংঘটিত শিশু হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰী বিছু তাঁতীক আটক সোণাৰি আৰক্ষীৰ, ন্যায়িক জিম্মালৈ প্ৰেৰণ
চৰাইদেউৰ চিংলৌ পথাৰ টঙীয়াত অঘটন। সন্দেহৰ বশৱৰ্তী হৈ পিতৃয়ে মাতৃৰ কাজিয়াৰ ফলত কোলাতে কাটি দুচেও কৰিলে এবছৰীয়া পুত্রক।পত্নীয়ে ফোনত কথা পাতি থকাত সন্দেহ কৰি স্বামী বিছু তাঁতীয়ে খঙত অগ্নিশর্মা হৈ পত্নীক চোকা দাৰে আক্ৰমণ কৰিবলৈ লওঁতেই এবছৰীয়া পুত্ৰৰ মুৰত চোকা দাৰ ঘাপ পৰাত থিতাতে নিহয় হয় পুত্র। সোণাৰি আৰক্ষীয়ে পুত্ৰ হত্যাকাৰী বিছু তাঁতীক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷