সোণাৰি: সোণাৰিত নিচামুক্তি কেন্দ্রত চিকিৎসাধীন যুৱকৰ মৃত্যুত চাঞ্চল্যৰ সৃষ্টি, মৃত যুৱকজন সোণাৰি ১৩নং ৱাৰ্ডৰ দেৱজিৎ নন্দী
সোণাৰি নিচামুক্ত কেন্দ্ৰত চিকিৎসাধীন যুৱকৰ মৃত্যু ৷ সোণাৰি বৰাহী চাৰিআলি স্থিত ৰিনিউৱেল ফাউণ্ডেশ্বন নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। বিগত ২৩ ডিচেম্বৰৰপৰা নিচামুক্তি কেন্দ্ৰত চিকিৎসাধীন হৈ থকাৰ পাছত আজি স্বাস্থ্য অধিক অৱনতি ঘটাত চৰাইদেউ জিলা চিকিৎসালয়ত আজি পূৱা ভৰ্তি কৰোৱা হৈছিল দেৱজিৎ নন্দী নামৰ যুৱকজনক ইয়াৰ পাছতেই চিকিৎসকে মৃত ঘোষনা কৰে যুৱক জনক নিচামুক্তি কেন্দ্রটোত নিয়মীয়া স্বাস্থ্য পৰীক্ষা নকৰাৰ বাবেই এই ঘটনা সংঘটিত বুলি অভিযোগ পৰিয়ালৰ লোকৰ ৷