ধাননি পথাৰত আগে আগে চোৰ পিছে পিছে গঞা ৰাইজ। দীৰ্ঘদিন ধৰি হাজোৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই অহা এদল চোৰে। আজি কৃষক ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছত চোৰ কেইটাই বিলাসী বাহন লৈ উধাও হওতে পথৰ দাঁতিত থকা দুজন যুৱকক মহটিয়াই নিব লওতে পথৰ দাঁতিত বাগৰি পৰে বাহন খন।তাৰ পিছতে বাহন এৰি চোৰ কেইটা পলাবলৈ চেষ্টা কৰোতে দুজন চোৰক ৰাইজে কৰায়ত্ত কৰি উত্তম মধ্যম শোধায়।ৰাইজৰ প্ৰহাৰত লেবেজান হৈ পৰে দুই ধৃত চোৰ।আনহাতে এজন গভাইত চোৰ পলাই যাবলৈ সক্ষম হয়।ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ দুই গৰু চোৰৰ লগতে বিলাসী বাহন খন জব্দ কৰি থানালৈ লৈ যায়।এই ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
#IshanNews
Assam, India | Nov 12, 2026