গহপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ অৱস্থান ধৰ৩। BTR চুক্তি পুনৰ নিৰীক্ষণৰ দাবীত এই দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।
125 বিল ৰূপায়ন কৰা, BTR ৰ বাহিৰত থকা বড়ো জনগোষ্ঠী অধ্যুক্ষিত গাঁও সমুহ BTR পৰিষদত অন্তৰ্ভুক্ত কৰা, জনজাতীয় জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক Schoolership প্ৰদান কৰা, ৰাজ্যৰ বাহিৰৰ বড়ো জনগোষ্ঠী লোক সকলক জনজাতি (H) ৰ মৰ্যাদা প্ৰদান কৰা আদি বিভিন্ন দাবীত বিশ্বনাথ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
কাৰ্যসূচীত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সমিতিৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বি টি আৰ চুক্তি পুনৰীক্ষণ কৰাৰ লগতে ওপৰোক্ত দাবী সমুহ ৰূপায়ন কৰাৰ বাবে আহ্বান জনায় অন্যথা অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থাই তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে।
#public #friends #highlights #news #viral #reels #everyone #facebook