কলিয়াবৰ: জখলাবন্ধা থানাৰ লকআপত আচামীৰ আত্মহত্যাক কেন্দ্ৰ কৰি এজন আৰক্ষীক নিলম্বন, জখলাবন্ধাত আৰক্ষী অধীক্ষকৰ মন্তব্য
জখলাবন্ধা থানাৰ লকআপত আচামীৰ আত্মহত্যাক কেন্দ্ৰ কৰি এগৰাকী আৰক্ষীক নিলম্বন কৰা হৈছে বুলি মঙলবাৰে জখলাবন্ধাত মন্তব্য প্ৰদান কৰিছে আৰক্ষী অধীক্ষকে। দায়িত্ববাহী আৰক্ষী কনিষ্টবল পিংকু নাথক নিলম্বন কৰিছে বুলি আৰক্ষী অধীক্ষকে জনায়। তিনিদিনৰ বাবে আদালতৰ জৰিয়তে আৰক্ষীয়ে জিম্মাত লোৱা অৱস্থাতে আত্মহনন কৰিছিল অভিযুক্ত ৰাজু নাথে। জখলাবন্ধা আৰক্ষী নিৱেশত আৰক্ষী অধীক্ষক, চিআইডিৰ দল আৰু ফৰেনছিকৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।