সোণাৰি: উদয়পুৰত স্বামীক হত্যা কৰি পৰৱৰ্তী সময়ত আত্মহনন এগৰাকী মহিলাৰ, দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰ সূত্ৰপাত হোৱা বুলি সদৰী পুত্ৰৰ
মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰত এগৰাকী মহিলাই স্বামীক হত্যা কৰি পৰৱৰ্তী সময়ত আত্মহনন কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰীয়া নিজ পুত্ৰৰ ৷ স্থানীয় ৰাইজে দুৰ্গেশ্বৰী ঘটোৱাৰ (৫২) নামৰ মহিলা গৰাকীক নিজা গৃহত চিপ লৈ ওলমি থকা অৱস্থাত প্রত্যক্ষ কৰে। ঘটনাটোৱে মুহূৰ্ততে অঞ্চলটোত এক হুৱাদুৱাৰ পৰিবেশ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে মৃত মহিলা গৰাকীৰ স্বামী ঝৰীয়া সিং ঘাটোৱাৰ (৬৫)ক ঘৰৰ ভিতৰত নৃশংস ভাৱে ডিঙিত ঘপিয়াই হত্যা কৰা অৱস্থাত উদ্ধাৰ কৰে।