সোণাৰি: সোণাৰিত মহিলাই চোৰ কৰায়ত্ব কৰি আৰক্ষীক চমজালে
সোণাৰিত বুধবাৰে পাঁচ বজাত এটা চাইকেল চোৰ ধৰি সোণাৰি আৰক্ষীক চমজালে। কালি সোণাৰি নগৰৰ মাজমজিয়াৰ শিৱ মন্দিৰ তিনিআলিৰ পৰা এখন বিলাসী চাইকেল চুৰি ঘটনা সংঘটিত হৈছিল।ইতিমধ্যে সোণাৰি আৰক্ষী থানাত এজাহাৰ দিছিল। অৱশ্যে চাইকেল গৰাকীয়ে নিজেই জৱকা, টাউকাক, খামলুং আদি অঞ্চলত বিচাৰি ফুৰোতে আজি জৱকা চাহ বাগিছাৰ মাজত চোৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । কৰায়ত্ব কৰা চোৰটোক উত্তম মাধ্যম শুধাই আৰক্ষীক চমজাই দিয়ে।