সোণাৰি: বুধবাৰে বেঙেনাবাৰী ৰাজহুৱা খেলপথাৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ
বুধবাৰে বেঙেনাবাৰী ৰাজহুৱা খেলপথাৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলায়। সভাত উপস্থিত থাকে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়ীকা নৱনীতা সন্দিকৈ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাছা আদি নেতা।