বিহপুৰীয়া: আজি বিহপুৰীয়াত দিনৰ ১ বজাত আমআদমী পাটীত যোগদান কৰিলে অদ্ধশতাধিক লোকে ৷
সমাগত লোকসভা নিব্বাচন ৷ নিব্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা সময়তে আজি দিনৰ ১ বজাত বিহপুৰীয়াত আমআদমী পাটীত আনুষ্ঠানিক ভাৱে যোগদান কৰে অদ্ধশতাধিক লোকে ৷ ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাথী ঝষিৰাজ কৌণ্ডিল্যৰ হৈ প্ৰচাৰ চলায় দলটোৱে ৷ তেনে সময়তে দলটোৰ প্ৰতি আকৃষ্ট হৈ অন্য দল ত্যাগ কৰি আমআদমী পাটীত যোগদান কৰা কায্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷