মাহমৰা: ডিপ্লিং চাহ বাগিচাত জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈৰ উপস্থিতিত নিৰ্বাচনী সভা সম্পন্ন
ডিপ্লিং চাহ বাগিচাত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত ৷ সভাত উপস্থিত থাকে চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈ। সভাপতিগৰাকীয়ে ৰাইজক গৌৰৱ গগৈক ভোটদান কৰি জয়ী কৰাবলৈ আহ্বান জনোৱাৰ লগতে বাগিচাখনৰ বিভিন্ন সমস্যা সম্পৰ্কত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ৷