মাহমৰা: মৰাণহাটত নগদ ধন জব্দ কৰাক লৈ যুৱ কংগ্ৰেছৰ চৰাইদেউ জিলাৰ সভাপতি গকুল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া, ষড়যন্ত্ৰৰ অভিযোগ
চৰাইদেউ জিলাৰ মৰাণহাট ঊষাপুৰত আজি বিয়লি এক সংবাদমেল সম্বোধন কৰি চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈয়ে যোৱা শুক্ৰবাৰে সভাপতিজনৰ গাড়ীৰ পৰা ১ লাখ ৩০ হাজাৰ টকা SST দলে জব্দ কৰা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই টকা বৈধ টকা আৰু ইয়াৰ উপযুক্ত প্ৰমাণ ইতিমধ্যে নিৰ্বাচন আয়োগক দিয়া হৈছে ৷ কিন্তু এই বিষয়ক লৈ একাংশ ৰাজনৈতিক দলৰ ব্যক্তিয়ে অপপ্ৰচাৰ চলোৱাৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰিছে যুৱ কংগ্ৰেছৰ নেতাজনে ৷