তিনিচুকীয়া: কাকপথাৰৰ জোৰ সমদল কাৰ্যসূচীত মাকুমত
সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে
সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত, মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত জনজাতিকৰণ লগতে আন কেইবাটাও দাবীত যোৱা ২ ছেপ্টেম্বৰত ইতিমধ্যে তালাপত বিশাল জোৰ সমদল কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয় । ঠিক তেনেদৰে আজি কাকপথাৰত ,অহা ৬ ছেপ্টেম্বৰত মাৰ্ঘেৰিটাত ,অহা ১০ ছেপ্টেম্বৰ তাৰিখে তিনিচুকীয়াত সৰ্বাত্মক সৰ্ব বৃহৎ জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি পলিন্দ্ৰ বড়াই বৃহস্পতিবাৰে দুপৰীয়া প্রায় ২ বজাত মাকুমত জানিবলৈ দিয়ে ।