ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত সোমবাৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত লোকনিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ অধীনত ওদালগুৰি জিলাত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি, কামৰ মানদণ্ড আৰু ৰূপায়ণৰ অৱস্থা সম্পৰ্কে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত সংশ্লিষ্ট বিভাগ সমূহৰ জ্যেষ্ঠ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকি বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে।
Hagrama Mohilary