কলিয়াবৰ: কুলিডোঙাত সংঘটিত পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী
শনিবাৰে কলিয়াবৰৰ কুলিডোঙাত সংঘটিত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী। কলিয়াবৰ দিশৰ পৰা আমবাগান অভিমুখে বাইকেৰে দুজন যুৱক আহি থকা অৱস্থাত কুলিডোঙা ঘাইপথৰ দলঙৰ ৰেলিঙত খুন্দা মাৰে । দুৰ্ঘটনাত থিতাতে নিহত হয় লাওখোৱাৰ বাবলু মণ্ডল নামৰ যুবকজন আৰু গুৰুতৰভাৱে আহত হয় উজ্জল চৰকাৰ আনহাতে আহত ব্যক্তিজনক জখলাবন্ধা অসামৰিক চিকিংসালয়লৈ প্ৰেৰন কৰে।পিছত ঘটনাস্হলীত উপস্হিত হয় আৰক্ষী।