সাপেখাতী: কংগ্ৰেছৰ দিনত আঁঠুৱা-কম্বল দিয়ে আৰু ভোট লৈ দিছপুৰলৈ গুছি যায়, চৰাইদেউত মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য
চৰাইদেউত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে মন্ত্ৰী-বিধায়কে ঘৰ দিব নোৱাৰে। আগতে এমএলএ-পঞ্চায়ত সভাপতিয়ে ঘৰ দিছিল আৰু তাতেই দুৰ্নীতি হৈছিল। কংগ্ৰেছৰ দিনত সাধুকথা হৈছিল ।আঠুৱা-কম্বল দিয়ে আৰু ভোট লৈ দিছপুৰলৈ গুছি যায়। চৰাইদেউত তিনি মাহৰ ভিতৰত সকলোৱে অৰুণোদয় পাব আৰু ১২৫০ টকাকৈ লাভ কৰিব।