সাপেখাতী: বৰহাটত বিজেপি নিৰ্বাচনী সভা তুংগত,বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ বিপুল ভোটত জয়ী হ'ব,মন্ত্ৰী পীয়ুষ হাজৰিকা
বৰহাটত বুধবাৰে এক বজাত অনুষ্ঠিত হোৱা বিজেপি নিৰ্বাচনী সভাত মন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰি বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ বিপুল ভোটত জয়ী হ'ব বুলি কয়।আনহাতে তেখেতে কয় যে ৰাইজে উন্নয়ন বিচাৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়ন হৈছে।এনেবোৰ উন্নয়ন দেখি ৰাইজে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক ভোট দি জয়ী কৰিব বুলি কয়।