৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বিধানসভাৰ অধিৱেশনত আলোচনা হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন জনজাতীয় দল সংগঠন। সেয়ে আজি সন্ধিয়া ওদালগুৰি চহৰৰ মাজমজিয়াত ট্ৰাইবেল সংঘ, এবচু,আৰছু,বড়ো সাহিত্য সভা, আদি জনজাতীয় দল সংগঠনে প্ৰতিবাদী ৰেলী উলিয়ায়। ইপিনে প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হাই হাই, জনজাতিকৰণৰ ৰাজনীতি নচলিব, আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।