সোণাৰি: জজলী পাঁচআলিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ
মঙলবাৰে দিনৰ ১০বজাত চৰাইদেউ জিলাৰ দিচাংপানী পঞ্চায়তৰ অন্তৰ্গত জজলী পাঁচআলি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা। এই সভাত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ উপস্থিত থাকে । লগতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহন আৰু অগপৰ বিষয়ববীয়া। ইপিনে নিৰ্বাচনী প্ৰচাৰ সভাতে শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।