সোণাৰি: চৰাইদেউ জিলাৰ চেপনত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷
চৰাইদেউ জিলাৰ একত্রিংশত্তম বার্ষিক চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বৰবিহুৱা ডামচাও হেম বুঢ়াগোহাঞি ক্ষেত্র চেপন মহাবিদ্যালয়ৰ খেলপথাৰত লাইখুঁটা স্থাপন সম্পন্ন উক্ত অনুস্থানত উদযাপন সমিতিৰ মুখ্য আয়োজক মৃদুল ফুকন, চেপন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অসীম চুতীয়া, ছাত্র নেতা হৰেন গগৈকে প্ৰমুখ্য কৰি শতাধিক ৰাইজৰ উপস্থিতিত মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰে সন্মিলনৰ কৰ্ণধাৰ সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী যোগেন মহনে।