সোণাৰি: সোনাৰিত সমষ্টিৰ পৌৰসভা এলেকাৰ ১৩ নং ৱাৰ্ডৰ ৰাইজে যাতায়তৰ বাবে এটা অহা যোৱা পথ বিচাৰি হাহাকাৰ ৷স্থানীয় ৰাইজৰ প্ৰতিক্ৰীয়া
সোনাৰি সমষ্টিৰ পৌৰসভা এলেকাৰ ১৩ নং ৱাৰ্ডৰ ৰাইজে যাতায়তৰ বাবে এটা অহা যোৱা পথ বিচাৰি হাহাকাৰ কৰিব লগিয়া হৈছে। ইফালে স্থানীয় ৰাইজে জানিব পৰা মতে পূর্বে গড়কাপ্তানি বিভাগৰ চৌহদৰ কাষেৰে এক মাত্ৰ অহা যোৱা কৰি আহিছিল স্থানীয় লোকে কিন্তু কিছুদিন পূর্বে লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তাৰ কাৰ্য্যলয়ৰ চাৰিও কাষে পকী দেৱাল নিৰ্মাণ কৰা হেতু বহু সমস্যাত পৰিছে একমাত্র অহা যোৱা পথটো বন্ধ হৈ পৰাৰ বাবে। এতিয়া স্থানীয় ৰাইজে দেৱালখনৰ তলে দি এনে দৰে পাৰ হৈ যাব লগা হয় ৷