সোণাৰি: ভৰালীপুখুৰী পঞ্চায়তত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন
মাহমৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । ভৰালীপুখুৰী পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হোৱা সভাত যোৰহাট সাংসদ তপন কুমাৰ গগৈ, কেবিনেট মন্ত্ৰী যোগেন মহন, অগপৰ চৰাইদেউ জিলা সভাপতি নাৰায়ণ লাহন, চৰাইদেউ জিলা বিজেপিৰ উসভাপতি ৰ'জ কমল মহন, মন্টু কোঁৱৰ, সাধাৰণ সম্পাদক অজন্ত বৰুৱা আদি উপস্থিত থাকে ৷