গ্ৰীষ্মবন্ধত বিনামূলীয়া বাঁহীবাদন শিকিছে একাংশ ছাত্ৰই
গ্ৰীষ্মবন্ধ বুলিলেই অফুৰন্ত সময় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত। সেয়ে অভিনয়, সংগীত, নৃত্য কৰ্মশালাৰ বিপৰীতে গহপুৰৰ একাংশ ছাত্ৰই বাঁহীবাদন শিকিছে।
📌
এই বিনামূলীয়া বাঁহীবাদন কৰ্মশালা যোৱা ৭ জুলাইৰ পৰা আৰম্ভ কৰিছে গহপুৰৰ বিশিষ্ট বাঁহীবাদক ধীৰাজ বৰাই । বাঁহীবাদনৰ প্ৰতি আগ্ৰহী ২০ জন ছাত্ৰই এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে ।
📌মাহটোৰ শেষলৈকে অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাত বাঁহী এটা কিনিবলৈ সামৰ্থ্য নথকা ছাত্ৰক বাঁহী কিনি দি হ'লেও প্ৰশিক্ষণ দিছে বৰাই।
📌উল্লেখ্য যে প্ৰয়াত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ ছাত্ৰ আছিল ধীৰাজ বৰা।
#public #friends #highlights #news #viral #reels #everyone #facebook