সোণাৰি: চলাপথাৰ শ্যাম গাঁৱৰ
স্থানীয় ৰাইজৰ দ্বাৰা দেওবাৰে হলি দলং মেৰামতি ৷
চলাপথাৰ শ্যাম গাঁৱৰ স্থানীয় ৰাইজৰ দ্বাৰা দেওবাৰে হলি দলং মেৰামতি ৷ চৰাইদেউ জিলাৰ আদৰ্শ গাঁও চলাপথাৰ শ্যাম গাঁৱৰ ৰাইজে আজি দেওবাৰে চফ্ৰাই নৈৰ ওপৰত থকা লোহাৰ হলি দলংখন মেৰামতি কৰে । গাঁও খন আৰু অভয়পুৰ- চেপনলৈ যাতায়তৰ মুল পথৰ এই দলংখন দীৰ্ঘদিন ধৰি ভগ্নপ্ৰায় অৱস্থাত আছিল । ongc ৰ গধুৰ গধুৰ বাহন চলাচল কৰা এই পথটো ongc তথা চৰকাৰে মেৰামতি নকৰাত গাঁওখনৰ ৰাইজেই মেৰামতি কৰিবলৈ উলাই আহে ।