সোণাৰি: সোণাৰীৰ হাওঁফাওঁ গাঁৱত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত নিশা উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ
চৰাইদেউ জিলাৰ সোণাৰী হাওঁফাওঁ গাঁৱৰ ৰাইজৰ উদ্যোগত আৰু স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজৰ সহযোগত প্ৰয়াত সৰুৰাম গগৈ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত শনিবাৰে নিশা উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ৷ সাংসদগৰাকীয়ে নিশা অনুষ্ঠিত ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি উদ্যোক্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লয় ৷ অনুষ্ঠানত স্থানীয় শতাধিক লোক উপস্থিত থাকে ৷