সোণাৰি: চৰাইদেউনিমনাগড়ত সেউজী বিকাশ সমাজ প্রেক্ষাগৃহত গৰিয়া- মৰিয়া দেশী জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতি গঠন সম্পন্ন ৷
সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতি গঠন। শনিবাৰে বিয়লি চৰাইদেউ জিলাৰ নিমনাগড় সেউজী বিকাশ সমাজ প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা সাধাৰণ সভাত চৰাইদেউ জিলা সমিতি খন গঠন কৰা হয়। অসমৰ ভাষা সংস্কৃতিক এক উল্লেখযোগ্য অৱদান আগবঢ়াই অহা গৰিয়া-মৰিয়াসকল আজিও বিভিন্ন দিশত বঞ্চিত আৰু অৱহেলিত হোৱাৰ বিভিন্ন সমস্যৰ সম্পৰ্কে চৰাইদেউ জিলা সমিতি সঠন সম্পন্ন কৰে ৷