মাহমৰা: মৰাণহাটত কেবিনেট মন্ত্ৰী যোগেন মহনক সাক্ষাত কৰি মত বিনিময় কৰে হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ বাসগৃহ কাৰ্যালয়ত উপস্থিত হৈ আজি বিয়লি হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মত বিনিময় কৰে ৷ এইসময়চোৱাত মন্ত্ৰীগৰাকীৰ সৈতে মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ, যুৱ মৰ্চাৰ মৰাণ মণ্ডলৰ সভাপতি শুভংকৰ ৰাহুল দত্ত উপস্থিত থাকে ৷