মাহমৰা: মৰাণহাটত 'কা'-ৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ কৃষক মুক্তিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱজিত বৰুৱাৰ
চৰাইদেউ জিলাৰ মৰাণহাটত আজি বিয়লি অসমত 'কা' আইন বলবৎ কৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱজিত বৰুৱাই অসমত 'কা' আইন বলবৎ হ'লে অসম চৰকাৰ তীব্ৰ আন্দোলনৰ সমূখীন হ'ব বুলি সঁকিয়াই দিয়ে ৷ লগতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক নেতা ৰাতুল ৰয়, সৰ্বানন্দ মৰাণ আৰু জহিৰুদ্দিন লহকৰক শীঘ্ৰে মুক্তি দিবলৈ দাবী জনায় ৷