মাহমৰা: মাহমৰাৰ খুমটাই চাহ বাগিচাত জগন্নাথ প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাই চাহ বাগিচাত আজি অসম বিকাশ যাত্ৰা ২০২৪ ৰ অংশ হিচাপে শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে ৷ এই অনুষ্ঠানত কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ, খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাৰ লগতে আন আন দলীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷