অসম বিধানসভাত তৃতীয় দিনাৰ অধিবেশণত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিভিন্ন কাৰণত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ থকা শিক্ষানুষ্ঠানসমুহ প্ৰাদেশিকীকৰণ কৰা বাবে বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্ৰীক দাবী জনায় ৷ বিধায়ক গৰাকীয়ে ড্ৰপ পোষ্টসমূহত নিয়োজিত হৈ থকা শিক্ষক শিক্ষয়িত্ৰীসকলৰ চাকৰি প্ৰাদেশিকীকৰণ কৰাৰ লগতে শৌচালয় আৰু খোৱা পানীৰ ব্যৱস্থা নথকা বিদ্যালয় সমুহত শৌচালয় আৰু খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ সদনত বিভাগীয় মন্ত্ৰীক দাবী জনায় ৷