সোণাৰি: সোণাৰিৰ চফ্ৰাই, ৰতনপুৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান, দুটা চুলাই ঘাটি, ৪০০ লিটাৰ চুলাই পাচ নষ্ট
সোণাৰিৰ চফ্ৰাই,ৰতনপুৰ চাহ বাগিচাৰ অঞ্চলত পুণৰ আবকাৰী এটা দলে শনিবাৰ ১১বজাত চোলাই মদৰ বিৰুদ্ধে অভিযান চলায় । উল্লেখ্য যে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত চোলাই মদ মুক্ত কৰাৰ উদ্দেশ্যে চৰাইদেউ জিলা আবকাৰী বিভাগে চোলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ সময়তে আজি পুণৰ চফ্ৰাই চাহ বাগিচা, ৰতনপুৰত অভিযান চলাই দুটা চোলাই ভাতি ধ্বংস কৰাৰ লগতে প্ৰায় ৪০০লিটাৰ চোলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে।